“সেইসময়ত অসমীয়াচৈয়দ সকলক সমাজে উচ্চ আসন দিছিল”

              “সেইসময়ত অসমীয়াচৈয়দ সকলক সমাজে উচ্চ আসন দিছিল”

                      (Edward Gait’s Census Report,1891,page-86)

                                               চৈয়দ জিয়াউল হুছেইন,

_________________________________________

[গেইটঃ-  “আল্লা-হু-আকবাৰ” ক’ব নজনা বিধর্মী মুছলমানসকলে হিন্দুৰ নিয়ম কানুন বোৰ ধাৰ কৰিছিল।তেওঁলোকৰ গোঁসাই বা চুফী সাধক আছিল,যিসকলৰ লগত প্রত্যেকেই সন্মন্ধ ৰাখিব লাগিছিল। এওঁলোক মূলঃত

আৰবিক অথবা পার্চীয়ান আছিল,নিয়মৰ বাহিৰত থাকি অসমীয়াসকলৰ লগত মিলামিছা কৰিছিল(NOTE OF DR.S.PHUKAN BELOW THE GAIT’S NOTE-A.Tribune-Hoizon,29th.Nov’2008) আৰু নামবোৰো তেনেধৰণেৰে ৰাখিছিল।বিখ্যাত উজনি অসমৰ শিৱসাগৰ জিলাৰ(পুৰণি)যোৰহাট মহকুমাত এওঁলোকৰ বাসস্থান আছিল। এওঁলোকক “ডাৱন”বুলি জনা গৈছিল আৰু নামবোৰৰ আগত…………]

            এতিয়া চোৱা যাওক আন আন ইংৰাজসকলে. মুছলমানৰ বিষয়ে কি কৈছে।

পেম্বাৰটনঃ-উনৈচ শতিকাৰ প্রথমার্দ্ধতে পেম্বাৰটন চাহাবে কৈ গৈছে যে,কাছাৰ অঞ্চলৰ মুছলমানসকলে ছৰিয়ৎ মানি নচলিছিল।হিন্দু আৰু মুছলমানৰ মাজত প্রভেদৰ প্রতি তেওলোক সচেতন নাছিল।#১- পৃ/৫৫

হান্টাৰঃ-(১৮৭০খৃঃ)গোৱালপাৰাত নিম্নশ্রেণীৰ কিছু মুছলমানে হিন্দুধর্মীয় আচাৰ ৰীতি গ্রহন কৰিছিল্#২- পৃ/৫৫

        ১৮৮০চনত দৰং জিলাত গুৱাহাটীৰ জোলকাদ আলি চুফী সাধকৰ ইছলাম প্রচাৰ কৰাৰ আগলৈকে তাৰ মুছলমানসকল এনে আছিলঃ-

জ’নঃ-They have not,however,succeeded in entirely freeing themselves of the idea they borrowed from the Hindus, and, when cholera or small pox appear in epidemic form,secretly recite mantras……..

               আসামৰ(অসম)প্রতিখন জিলাৰ মুছলমানসকলৰ আচাৰ নীতি উনৈচ শতিকাৰ শেষলৈকে এনেকুৱাই(উক্ত)আছিল।(মেদিনী চৌধুৰী-পৃঃ-৫৬)

      কিম্বদন্তীমতে শ্রীশংকৰদেৱে স্নানত ব্যৱহাৰ কৰা তামৰ কলহটোও মুছলমান শিল্পীয়ে তৈয়াৰ কৰা।(মেদিনী চৌধুৰী-পৃঃ-৭৩)

     শ্রীশংকৰদেৱৰ দিনত বৰপেটা অঞ্চলৰ গাওঁত হিন্দু মুছলমান উভয় ধর্মৰ লোকেই ওচৰাওচৰিকৈ বাস কৰিছিল।(মেদিনী চৌধুৰী-পৃঃ-৩৩)

     নামঘৰৰ সমূহীয়া জাতিনির্বিশেষে অর্চনাত ইছলামী প্রার্থনাৰ অনুভূতি হয়।নামঘৰো মছজিদৰ দৰেই এটা সামাজিক প্রতিষ্ঠান মাত্র।(মেদিনী চৌধুৰী-পৃঃ-৩৩)

     শংকৰদেৱক বাদদি যিদৰে অসমীয়া মুছলমানৰ কথা ভাবিব নোৱাৰি,ঠিক সেইদৰে আজানপীৰক বাদদি অসমীয়া হিন্দুৰ কথা ভাবিব নোৱাৰি।খৃষ্টীয় সপ্তদশ শতিকাৰ আগভাগতে পশ্চিমৰপৰা হজৰত চাহ মীৰাণ বা আজান ফকীৰ(১৬৩৫-৪২) অসমলৈ আহিছিল।তেওঁৰ লগত আহিছিল ভায়েক নবী চাহেব।আগৰেপৰা বাস কৰা মুছলমানসকলে স্থানীয় ৰীতি নীতি,আচাৰ-বিচাৰ,জনবিশ্বাস,কু-সংস্কাৰ আদিৰ মাজত জীৱন যাপন কৰিছিল।নামটোৰ বাহিৰে মুছলমান বুলিবলৈ একোৱেই নাছিল।(পৃঃ১১-মালিক)

      আজানপীৰে দুশ বছৰ আগৰ পৰা চলি থকা বৈষ্ণৱ নাম-ধর্মৰ জনপ্রিয়তাৰ প্রতি লক্ষ্য ৰাখি জিকিৰ গীত ৰচনা কৰে। জিকিৰ গীতবোৰৰ যোগেদি ইছলাম ধর্মৰ মূল ৰীতি-নীতি আৰু কৰণীয় কামবিলাকৰ বিষয়ে শিক্ষা দান কৰিবলৈ লোৱাৰ লগতে, হিন্দু-মুছলমানৰ মাজত ঐক্য আৰু সংহতিৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰে।(পৃঃ১২-মালিক)

       ডঃসত্যকাম ফুকন ডাঙৰিয়াই হিন্দু-মুছলমানৰ মাজত ঐক্য আৰু সংহতিৰ কথা ক’বলৈ গৈয়েই মুছলমানৰ সত্রৰ কথা গেইটৰ পৰা টানি আনিছে। [pdf.version,pl.strickherehttp://drsatyakamphukan.files.wordpress.com/2010/01/xatra2.pdf

(A.Tribune-Hoizon,29th.Nov’2008“As per the note(Gait’s)the Assamese Muslim satras were structured in the lines of the Assamese Hindu satras”]

          যি কাৰণে ইছলামত নথকা জিকিৰ গীত সমূহ ৰচনা কৰা হৈছিল,ঠিক একেদৰেই হিন্দুৰ সত্রৰ একেশৰীতে জেগাই জেগাই মঠসমূহো গঢ়ি

উঠিছিল,তাকো আজানপীৰৰ(ৰাঃ)আঢ়ৈশ বছৰৰ পিছত।এই মঠ সমূহকেই গে’ট চাহাবে সত্রবুলি উল্লেখ কৰিছে।ইয়াৰ আভাস উল্লেখ কৰি অহা হৈছে।আৰু এটা কথা মন কৰিব লগা যে উল্লেখিত পেম্বাৰটন, হান্টাৰ, জ’নৰ সময়ৰ মুছলমানসকল কেনে আছিল।

                              ‘সত্র’ আৰু ‘মঠ’ এই দুটা  প্রায় ওচৰউচৰি শব্দ।

 জিকিৰ গীত সমূহ হিন্দু-মুছলমানৰ মাজত ঐক্য আৰু সংহতিৰ প্রতীক। ডঃসত্যকাম ফুকন ডাঙৰিয়াই দেখুৱাই দিয়া সত্র সমূহো জিকিৰৰ দৰে সংৰক্ষণ কৰা উচিত আছিল। আজানপীৰে(ৰাঃ) জিকিৰ গীতত গাইছেঃ-

        শৰাগুৰি চাপৰি          দিখৌ নৈৰ কাষৰি

                ৰজাই সজাই দিলে মঠ,

        ছকুৰি ভকতে           লয় আল্লাৰ নাম

                মাদুৰী বনৰে কঠ।

অসমলৈ ধর্ম প্রচাৰৰ কাৰণে আৰু অসমতে ৰৈ যোৱা পীৰ সকলৰ সৰহ ভাগেই চৈয়দ আছিল।(পৃঃ-২২-মালিক)

—————————————————————————————————————————–

[1]Who are ‘SYEDS’,please log on = http://en.wikipedia.org/wiki/Sayyid

[2]A little about ‘Syeds’in N.E.,click= http://books.google.co.in/books?ei=7wrPUL6MGNDPrQeY-4CwDA&id=9zYaAAAAIAAJ&dq=syeds%20of%20India&q=syeds

[3]Dawan is not Dewan,pl.click=http://en.wikipedia.org/wiki/Dewan

     

About syedjehu

Salamun Alikum, I am an engineer.I like world Islamic value.I like to write articles in Assamese and English.

Leave a comment