Monthly Archives: January 2012

বিজ্ঞানৰ অভ্যুত্থানত ‘গ’ড-কণিকা’ বনাম ‘কল্কি-অৱতাৰ’আৰু ‘কলিমা’ [Part-2]

Posted on

[Read Part-1=http://wp.me/p21N51-l]

 বিজ্ঞানৰ অভ্যুত্থানত ‘গ’ড-কণিকা’

                          বনাম ‘কল্কি-অৱতাৰ’আৰু ‘কলিমা’

                                     [Part-2]


চৈয়দ জিয়াউল হুছেইন,গুৱাহাটী, ১।১।২০১২

বিশ্বব্রহ্মাণ্ডৰ ধাৰণাঃ-

যিহেতু বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ মুহূর্তত ইয়াৰ আকাৰ মৌলিক কণিকা এটাৰ আকাৰৰ সমানেই আছিল।গতিকে কোনো কাৰণ নোহোৱাকৈয়ে শূণ্যৰ[space] পৰা কণিকাটো বিস্ফোৰিতহৈ বিশ্বব্রহ্মাণ্ড সৃষ্টিও হ’ব পাৰে। বিশ্বব্রহ্মাণ্ডত মুঠ যিমান ধনাত্মক শক্তি আছে, মহাকর্ষণ-ক্ষেত্র আৰু অন্যান্য বলৰ ক্ষেত্র সমূহত মুঠ সিমান পৰিমাণৰেই ঋণাত্মক শক্তি আছে।গতিকে বিশ্বব্রহ্মাণ্ডৰ মুঠ শক্তিৰ মান শূণ্য বুলি ক’ব পাৰি। গতিকে আপাত দৃষ্টিত কোৱাণ্টাম তত্বই বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ আদিম কাৰণ হিচাপে মহাপ্রভুৰ প্রয়োজনীয়তা নোহোৱা কৰিছে যেন লাগে[????!!!]।উক্ত বিশ্বব্রহ্মাণ্ডৰ মুঠ শক্তিৰ মান শূণ্য মানে বর্তমানৰ space কে বুজোৱা হৈছে। আদিম মৌলিক কণিকাটোৰ সময়ত space বুলি কোনো ধাৰণাই নাছিল। বিশ্বব্রহ্মাণ্ডখন সৃষ্টি হোৱাৰ পিছতহে স্থান-কালৰ সৃষ্টিহৈ spaceৰ সৃষ্টি হৈছে[?]। শূণ্যৰ[space] পৰা কণিকা এটা  বিস্ফোৰিতহৈ বিশ্বব্রহ্মাণ্ড সৃষ্টি হ’বলৈও ওচৰত এটা আধানযুক্ত ভৰ[পাৰমাণৱিক নিউক্লিয়াছ]  থাকিব লাগিব।ভৰ শক্তিলৈ ৰূপান্তৰিত হোৱাৰ দৰে [E=mc²]শক্তিৰ পৰাও পদার্থ সৃষ্টি হ’ব পাৰে[fission, fusion, pair-production]।আগতেইকৈ অহা হৈছে যে- আধুনিক কোৱাণ্টাম ক্ষেত্রতত্ব মতে আমি যাক শূণ্য[space] বুলি কওঁ ,প্রকৃততে ই শক্তিৰে পৰিপূর্ণ হৈ আছে।  

         কোৱাণ্টাম বল-বিজ্ঞানে বস্তু এটাৰ ধর্ম যেনে ভৰবেগ আৰু তাৰ অৱস্থান সঠিকভাৱে নিৰূপন কৰিব নোৱাৰে। কেৱল সম্ভাৱনীয়তাৰ বিষয়েহে ক’ব পাৰে।ইফালে আকৌ বিশ্বব্রহ্মাণ্ডৰ গঠন সম্পর্কীয় ধাৰণাত [three dimention] ধাৰণা সত্য নহয়। বিশ্বব্রহ্মাণ্ডখন চাৰি মাত্রিক[four  dimention] আৰু চতুর্থটো হৈছে-সময়ৰ।সাধাৰণ আপপেক্ষিকবাদ আৰু কোৱাণ্টাম বল-বিজ্ঞান এটা আনটোৰ পৰিপুৰক বুলি ক’ব পাৰি।যিহেতু ‘অতি ৰজ্জু তত্বই[super string theory]ইহঁতৰ ব্যৱধান নোহোৱা কৰিছে।

[Notes on[2]:- Hubble’s Law , Observe Universe, Big Bang theory, Timeline of the Big Bang, Underlying assumptions on Big Bang, Speculative physics beyond Big Bang theory, James Hartle and Stephen Hawking state, String- Superstring theory= Click url=http://wp.me/p20yGy-4b]

‘ৰজ্জু তত্ব’ৰ মূল নীতি মতে সকলো পদার্থৰে মৌলিক উপাদান কণা নহয়;বৰঞ্চ একমাত্রা বিশিষ্ট কম্পমান অতি নগন্য ৰজ্জুহে।এই ৰজ্জু ইমানেই সৰুযে ইহঁতক প্লেংকৰ দীঘ [1.616199(97) × 10−35 m[7] ] জোখেৰেহে জুখিব পাৰি।১৯৯৫চনত তিনিজন ডেকা বিজ্ঞানীয়ে মৌলিক পদার্থকণাক ৰজ্জুৰ প্রাথামিক গাঁথনি আৰু ইয়াক অতিসৰু কৃষ্ণগহবৰৰ[BLACK-HOLE] একেটা বস্তুৰে দুটা বিভিন্ন ৰূপ বুলি কৈছিল।

       জ্যোতিবিজ্ঞানীৰ মতে অভিনৱ তৰাবিলাক[SUPER NOVA] ফুটি উঠাৰ পিছত ইয়াৰ অন্তঃস্থলত [CORE] আচৰিত ধৰণৰ ঘটনাবিলাক ঘটে।যদি অন্তঃস্থলৰ ওজন সূর্য্যতকৈ ডেৰৰ পৰা তিনিগুণ গধুৰ হয়,তেন্তে অন্তঃস্থলত থকা পদার্থবিলাক গোটখাই নিউট্রন নক্ষত্রলৈ পৰিণত হয়।যদি অন্তঃস্থলৰ ভৰ সূর্য্যৰ ভৰতকৈ তিনিগুণতকৈ বেছি হয়,তেন্তে ইয়াৰ ঘনত্বৰ মান বাঢ়ি যাব।ফলত ইয়াৰ পৃষ্ঠৰ ওপৰত মাধ্যাকর্ষণৰ মান বৃদ্ধি পাব।এই মান ইমানেই বেছি হবযে নক্ষটোৰ পৰা পোহৰ ওলাই আহিব নোৱৰে। পোহৰ নেদেখাৰ কাৰণে এই অঞ্চলটো আন্ধাৰে ঢাক খাই থাকে।সেইকাৰণে ইয়াক পোহৰ কৃষ্ণগহবৰ[BLACK-HOLE] বোলে

[Composite image of Kepler’s supernovafrom pictures by the Spitzer Space Telescope, Hubble Space Telescope, andChandra X-ray Observatory.]

[Multiwavelength X-rayinfrared, and optical compilation image of Kepler’s supernova remnantSN 1604. ]

[A supernova is a massive explosion of a star that occurs under two principal scenarios. The first is that a white dwarf star undergoes a nuclear based explosion after it reaches itsChandrasekhar limit from absorbing mass from a neighboring star (usually a red giant). The second, and more common, cause is when a massive star, usually a red giant, reachesNickel-56 in its nuclear fusion (or burning) processes. This isotope undergoes radioactive decay into Iron-56, which has one of the highest binding energies of all of the isotopes, and is the last element that can be produced by nuclear fusionexothermically. All nuclear fusion reactions from here on are endothermic and so the star loses energy. The star’s gravity then pulls its outer layers rapidly inward. The star collapses very quickly, and then explodes.]

দেখাগৈছে যে উল্লেখিত ‘ৰজ্জু তত্ব’ত কমেও ছটা বা তাতোধিক সূক্ষ্ম মাত্রা লুকাই আছে।এই ছটাকে ধৰি মুঠ মাত্রাৰ সংখ্যা হয়গৈ দহটা।আচলতে আমি দেখা বিশ্বব্রহ্মাণ্ডখনৰ মাত্রা[dimension] এনে হ’ব লাগে-এটা কাল[সময়] সন্মন্ধীয়া মাত্রা তিনিটা সাধাৰণ স্থান সন্মন্ধীয়া মাত্রা আৰু  ছটা বা তাতোধধিক অতিৰিক্ত মুঠ দহটা মাত্রা Calabi-Yan Space ৰ ৰূপত আছে

[Calabi-Yau manifold is a special type of manifold that shows up in certain branches of mathematics such as algebraic geometry, as well as in theoretical physics. Particularly in superstring theory, the extra dimensions of spacetime are sometimes conjectured to take the form of a 6-dimensional Calabi-Yau manifold.

Calabi–Yau manifolds are complex manifolds that are higher-dimensional analogues of K3 surfaces. They are sometimes defined as compactKähler manifolds whose canonical bundle is trivial, though many other similar but inequivalent definitions are sometimes used. They were named “Calabi–Yau spaces” by Candelas et al. (1985) after E. Calabi (19541957) who first studied them, and S. T. Yau (1978) who proved the Calabi conjecture that they have Ricci flat metrics. In superstring theory the extra dimensions of spacetime are sometimes conjectured to take the form of a 6-dimensional Calabi–Yau manifold, which led to the idea of mirror symmetry.]

[A section of a quintic Calabi–Yau three-fold (3D projection)]

‘ৰজ্জু তত্বই বিচৰা মতে অতিৰিক্ত মাত্রাৰ আকাৰ হব প্লেংকৰ দৈর্ঘৰ[1.616199(97) × 10−35 m[7] ] পর্ষ্যায়ৰ।পৰীক্ষাৰ দ্বাৰা সেইবোৰ প্রমাণ কৰা বর্তমান পর্ষ্যায়ত সম্ভব নহয়। মি যদি পদার্থবিজ্ঞানৰ বিভিন্ন পৰিঘটনাৰ জোখৰ মাত্রা প্লেংকৰ দৈর্ঘতকৈয়ো কমাই নিওঁ, তেন্তে অতি সূক্ষ্ম জোখৰ স্কেলৰ সন্ধান পাম।উচ্চশক্তিৰ কণাৰ মুখামুখি সংঘর্ষ ঘটাই সূক্ষ্ম অতিৰিক্ত মাত্রাৰ সন্ধান পোৱা যাব বুলি বিজ্ঞানী সকলে মত প্রকাশ কৰিছে।

         যোৱা ১০ ছেপ্তেম্বৰ ২০০৮ চনৰ গ্রীনিজ মান সময় ৭বাজি ৩০ মিনিটত[ভাৰতীয় সময় মতে দিনৰ প্রায় ১ বজাত] মৌলিক পদার্থবিজ্ঞানৰ ইতিহাসৰ যুগান্তৰকাৰী মহানাদৰ[big-bang] মহাপৰক্ষাটোৰ প্রাৰম্ভীক পৰীক্ষাটো সফলভাৱে সমাধা হল।

Andrew Marr

[Radio 4 Programmes on

Big Bang Day

Andrew Marr hosted a special day of programming on Wednesday 10 September 2008. The switch-on took place just after 0830BST during theToday programme.

CLICK=http://www.bbc.co.uk/radio4/bigbang/programmes.shtml    ]

[Latest News:- Large Hadron Collider finds new particle

log on=http://wp.me/p20yGy-4O  ]

contd…………..next