TITLE:- বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ

Posted on

পৰকালৰ চাক্ষুষ ঘটনা

              “বৈঞ্জানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মে’ৰাজ ভ্রমণ”

(vdeo at bottom)__________________________________________________________________

                                                                                                 

The Quran, which Muslims believe was revealed to Muhammad through Gabriel (Jibrāʾīl).

      আৰবী ৰজৱ(ৰযব্) মাহৰ ২৭ তাৰিখৰ ৰাতি আল্লাহ-তা’লাই বিশ্ব নবী হজৰত মহম্মদক(দঃ)ক্ষন্তেক সময়ৰ ভিতৰতে মক্কাৰ মছজিদে হাৰামৰ পৰা সুদূৰ জেৰুজালেমৰ মছজিদে আকছালৈ(বয়তুল মকাদ্দচলৈ)আৰু তাৰ পৰা মহাকাশৰ উর্দ্ধতম স্থানলৈ লৈ গৈছিল।ইছলামী ভাষাত এই ঘটনাকেই “মে’ৰাজ”বুলি কোৱা হয়।

        বিশ্ব নবী হজৰত মহম্মদৰ(দঃ)মে’ৰাজৰ এই ভ্রমণ সশৰীৰে নে আধ্যাত্মিক ভাৱে সংঘটিত হৈছিল,তাক লৈ বহু মতভেদ হোৱা দেখা যায়। বিঞ্জানৰ দৃষ্টিকোণৰ অবিহনে এই ঘটনাক আধ্যাত্মিক বুলিয়েই ভাবি লোৱা হয়।কিন্তু বিঞ্জানৰ আলামত কোৰআন আৰু হাদিছ শ্বৰিফৰ প্রমাণে স্পষ্ট কৰি দিয়ে যে বিশ্বনবীৰ(দঃ)মে’ৰাজ আছিল সশৰীৰে । কোৰআন শ্বৰিফত বয়তুল্লাহৰ(মছজিদে হাৰাম)পৰা বয়তুল্ মুকাদ্দাছ(মছজিদে আক্ছা)লৈকে যোৱাৰ কথা আৰু হাদিছসমূহত বয়তুল্লাহৰ পৰা উর্দ্ধ জগতৰ সর্বোচ্চ উচ্চতালৈ যোৱাৰ কথা বিস্তৃতভাৱে উল্লেখিত হৈছে।

The name Muhammad written in Thuluth, a script variety of Islamic calligraphy.

[The Isra and Mi’raj (Arabic: الإسراء والمعراج‎, al-’Isrā’ wal-Mi‘rāğ), are the two parts of a Night Journey that, according to Islamic tradition, the Islamic prophet Muhammad took during a single night around the year 621. It has been described as both a physical and spiritual journey. A brief sketch of the story is in sura (chapter) 17 Al-Isra of the Qur’an, and other details come from the Hadith, supplemental writings about the life of Muhammad. In the journey, Muhammad travels on the steed Buraq to “the farthest mosque” where he leads other prophets in prayer. He then ascends to heaven where he speaks to God, who gives Muhammad instructions to take back to the faithful on Earth about the number of times to offer prayers each day.

According to traditions, the Journey is associated with the Lailat al Miraj, as one of the most significant events in the Islamic calendar.]

কোৰআন শ্বৰিফৰ সাক্ষী :-

[Brief introduction to Quran:- God has given us several Books of guidance through the years. Each Book essentially contained the same fundamental message as the previous Books. Mankind was expected to guard these Books from harm, but unfortunately failed to live up to this expectation. Many of the Books were edited and tampered with, destroying its authenticity. This is partly why God kept sending us more revelations.

However, almost 1400 years ago, God sent us another Book, named the Quran, with the same basic message as the earlier ones, but with a small but very important difference. This time, God decreed that this Book would be the last Book sent down to us because God would protect it Himself. Regarding this Final Book, God said, “Behold, it is We Ourselves who have bestowed from on high this reminder: and behold, it is We who shall truly guard it” [15:9]

Today, if we compare the 114 chapters in every copy of this Final Book with each other, we will find they match perfectly word for word – from the oldest copies made 1300-plus years ago to the ones printed just a few hours ago. No human hand has changed it.

When God appoints a Prophet he also gives him some clear signs or a miracle to convince his people that he is indeed the Prophet of God. For example, Moses (Peace be upon him) was given a wand which when dropped would become a snake (20:19) Or for Jesus (Peace be upon him) the ability to give life to a dead person in certain occasions (5:110) etc. These miracles are only evident only during the lifetime of that Prophet. But, for a prophet who God has decided to be the Last Prophet has to be given a miracle which a generation can pass on to the next and so on until the end of world. That is The Holy Quran. It was revealed to Prophet Mohammed (Peace be upon him) during his 23 years of Prophethood. Quran in its Arabic form is unchallenged in its rhythm and beauty. Smallest chapter of the Quran contains only 3 sentences where as largest chapter spans 1/15 th of the whole Quran. Quran challenges to those who disbelieve in it to produce a single chapter comparable to it (2:23,17:88). More than 1400 years have passed since Prophet Muhammad(Peace be upon him) and the challenge of Quran still remains. We also find in the Quran many scientific facts that are established only in recent centuries.

“We will soon show them our signs in the Universe and in their own souls, until it will become quite clear to them that it is the truth. Is it not sufficient as regards your Lord that He is a witness over all things?”-41:53

Any translation of the Quran cannot be equated with the Quran in its original Arabic form. But it is only a means to give a glimpse of the Quran to those unfamiliar with Arabic language. Many of the verses can be understood directly but certain verses can be understood only by knowing the historical and other related background. Abdullah Yusuf Ali’s commentary is included at the end of the verses where available. If possible, readers have to refer to other popular commentaries as well. Readers are urged to study the Quran in Arabic in order to appreciate its true beauty.

Yusuf Ali’s Quran Translation]

কোৰআন শ্বৰিফৰ দৰে এখন মহান গ্রন্থতেই স্থান পাইছে বিশ্বনবীৰ(দঃ)মে’ৰাজ শ্বৰিফৰ ঘটনা ।

       “তেওঁৰেই মহিমা যিজনে তেওঁৰ দাসক [হঃমহম্মদক(দ :)]পৱিত্র মছজিদে হাৰামৰ (কা’বাৰ)পৰা দূৰৱর্তী সেই মছজিদে আকছালৈ,যাৰ চতুস্পার্স(চতুর্পাশ=চাৰিওফালে)তেওঁ অনুকম্প কৰিছে,পৰিভ্রমণ কৰাইছিল,কাৰণ তেওঁক তেওঁৰ নিদর্শন বিলাকৰ কিছু দেখুৱাৰ অভিপ্রায়  আছিল।তেওঁ নিশ্চয় শুনোতা আৰু দেখোঁতা[১৭:১]।                                                                                                                                                                    .        কোৰআনত উক্ত আয়াতটো আৰম্ভ হৈছে”চুবহানাল্লাজি”বুলি।অর্থাৎ তেওঁৰেই মহিমাৰ দ্বাৰা উক্ত ঘটনা সংঘটিত হৈছিল।গতিকে মে’ৰাজ আধ্যাত্মিক বা   সপোন হিচাপে হোৱাৰ প্রশ্নই নুঠে।

      মে’ৰাজৰ ঘটনাৰ সময়ৰ ক্ষেত্রত উক্ত আয়াতত “লাইলাম”ব্যৱহাৰ হৈছে। অর্থাৎ অলপ সময়ৰ ভিতৰতে বুজাইছে।(ৰাতিৰ ভিতৰতে)।যিটো অসম্ভৱ যেন লাগিলেও কিন্তু ইয়াক বিঞ্জানে মানি লৈছে।(বিশ্লেষণ পিছত)।

         বিশ্ব নবী হজৰত মহম্মদ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণত দূৰৱর্তী মছজিদলৈ(দূৰৱর্তী মছজিদ সাত আচমানৰ বহু ওপৰত অৱস্থিত বায়তুল মামুৰ)যোৱাৰ কথা চুৰা বনী ইস্রাঈলৰ দ্বাৰা প্রমাণিত হোৱাৰ উপৰিও  চিদৰাতুলমন্তাহালৈ যোৱাৰ আৰু আল্লাহ-তা’লাৰ নিচেই ওচৰ পোৱাৰ কথা চুৰাই নজমৰ দ্বাৰা প্রমাণিত হৈছে।

      মে’ৰাজ ভ্রমণ দুটা অংশত বিভক্ত।প্রথম ভাগত মক্কাৰ পৰা জেৰুজালেমলৈ আৰু দ্বিতীয় ভাগত জেৰুজালেমৰ পৰা উর্দ্ধতম জগতলৈ যাত্রা।প্রথম অংশত ব্যৱহাৰ হৈছিল বোৰাকৰ দ্বাৰা আৰু দ্বিতীয় অংশতব্যৱহাৰ হৈছিল মে’ৰাজঅর্থাৎ জখলা। লগত আছিল শক্তিশালী ফিৰিস্তা জিব্রাইল(আ:)।যিজনে হজৰত মহম্মদ(দ:)ৰ লগত থাকি মহাকাশ ভ্রমণৰ সময়ত  মহম্মদ(দ:)ক সকলো দিহা-পৰামর্শ তথা সুৰক্ষিত ৰাখিছল।

[A Buraq seen on a reproduction of a 17th century Indian Mughal miniature.]

[Al-Burāq (Arabic: البُراق‎ al-Burāq “lightning”) is a mythological steed, described as a creature from the heavens which transported the prophets. The most commonly told story is how in the 7th century, Al-Buraq carried the Islamic prophet Muhammad from Mecca to Jerusalem and back during the Isra and Mi’raj or “Night Journey”, which is the title of one of the chapters (sura), Al-Isra, of the Qur’an.]

         প্রশ্ন হ’ব পাৰে যে হজৰত মহম্মদৰ(দঃ)মহাকাশ পৰিক্রমাৰ সময়ত দেহৰ ভৰ,গতি,অক্সিজেন আদিৰ কি দৰে ভাৰসাম্য ৰক্ষা কৰিছিল।ইয়াৰ উত্তৰ এয়ে যে-এই ঘটনা “চুবহানাল্লাজি” অর্থাৎ তেওঁৰেই মহিমা আৰু হজৰত মহম্মদৰ(দঃ)লগত আছিল ফিৰিস্তা জিব্রাইল(আ:),যি নেকি মে’ৰাজৰ আগতেই হজৰত মহম্মদৰ(দঃ)বুকু ফালি হৃদপিণ্ড জমজম্ পানীৰে ধুই হৃদয় পৱিত্র কৰি পুনৰ বুকু চিলাই কৰি দিছিল।যিটো চিন পিছত হজৰত মহম্মদৰ(দঃ)বুকুত দেখা গৈছিল।

হদীছ শ্বৰিফৰ সাক্ষী :-

[The term Hadīth  (plural: hadith, hadiths, or ahadith) is used to denote a saying or an act or tacit approval or criticism ascribed either validly or invalidly to the Islamic prophet  Muhammad.

Hadith are regarded by traditional Islamic schools of  jurisprudence as important tools for understanding the Quran and in matters of jurisprudence. Hadith were evaluated and gathered into large collections during the 8th and 9th centuries.]

   হজৰত মহম্মদৰ(দঃ)মহাকাশৰ পৰা প্রত্যাৱর্তনৰ পিছত এই ঘটনা

সর্বপ্রথমে উম্মে হানিফে কয় আৰু তাৰ পিছত মক্কাৰ অধিবাসীসকলৰ আগত কয়।হজৰত আবু-বক্কৰে(ৰা:)এই ঘটনা শুনি সর্বপ্রথমে ঈমান আনে।

    হদীছ শ্বৰিফত মে’ৰাজৰ বিষয়ে সুন্দৰ ভাৱে উল্লেখ আছে।হজৰত ওমৰ(ৰা:),হজৰত আলি(ৰা:),হজৰত ইবনি মাচ্উদ(ৰা:),হজৰত ইবনি আব্বাচ(ৰা:), হজৰত ইবনি ওমৰ(ৰা:), হজৰত ইবনি কাআবা(ৰা:), হজৰত আবু হুৰাইৰা(ৰা:), হজৰত আনচ্(ৰা:), হজৰত জাবিৰ(ৰা:), হজৰত ফৰিদা(ৰা:), হজৰত মলিক(ৰা:), হজৰত আবু আয়য়ুব(ৰা:)আৰু হজৰত আবুজাৰ(ৰা:)ৰ নিচিনা ডাঙৰ ডাঙৰ চাহাবী সকলে মে’ৰাজৰ ঘটনাৰ  বিষয়ে উল্লেখ কৰি গৈছে।

[To know more,click=http://sunniforum.net/showthread.php?p=15388#post15388

Masjid al-Haram and the center of Mecca

বৈজ্ঞানিক-যুক্তি:- সু-প্রসিদ্ধ বৈজ্ঞানিক আইনষ্টাইনৰ “আপেক্ষিকবাদ”ৰ সূত্র অনুসৰি অতি বেগমান ৰকেটত সময়ৰ গতি মন্থৰ হয়।সেয়েহে, যদি কুৰি আলোক বছৰ(Twenty Light Year)দূৰৰ কোনো গ্রহলোকলৈ আমাৰ পৃথিবীৰ পৰা কোনো মানুহ এজন গতি কৰি গৈ পুনৰ উভতি আহে,তেন্তে পৃথিবীৰ বয়স হ’বগৈ প্রায় চল্লিছ লক্ষ্য বছৰ।আনহাতে মহাকাশ ভ্রমণ কৰা মানুহজনৰ বয়স বাঢ়ি গৈ মাত্র হ’ব ষাঠি বছৰ।এই অনুপাতে মানুহজনৰ  বয়স বাঢ়িব নতুবা কমিব ৰকেটৰ  বেগ অনুসৰি।ৰকেট যিমানেই বেগমান হ’ব  মানুহজনৰ বয়স বৃদ্ধিৰ হাৰও কমি আহিব।এই নিয়ম অনুসৰি অত্যন্ত বেগমান বোৰাক আৰু জখলাদি হজৰত মহম্মদ(দ:) [[লগত আছিল শক্তিশালী ফিৰিস্তা জিব্রাইল(আ:)]] ৰাতিটোৰ ভিতৰতে সাত আচমানৰ পৰা স-শৰীৰে পৰিভ্রমণ কৰি অহাটো যুক্তিসঙ্গত।  জার্মান অংকশাস্ত্রবিদ ইউজিন চেংগাৰৰ গণনা মতে,পোহৰৰ শতকৰা নব্বৈ ভাগ বেগেৰেও যদি এটি ৰকেট উৎক্ষেপন  কৰোৱা যায়,তেন্তে তাৰ যাত্রী জনে নিজৰ জীৱন কালতেই মহাবিশ্বৰ সকলো অঞ্চল ঘূৰি আকৌ পৃথিৱীলৈ উভতি আহিব পাৰিব ।

The Al-Aqsa Mosque, adjacent to theDome of the Rock (along the southern wall of al-Haram ash-Sharif), is the site from which Muhammad is believed to have travelled to heaven and returned.

ডঃ এৰিক ভন দানিকেন(Dr.Erich Von Daniken)আছিল এজন বিখ্যাত চুইচ গৱেষক।তেখেতে বহির্জাগতিক কোনো মানৱৰ পৃথিৱীলৈ আগমনৰ এক ৰহস্যৰ সম্ভেদৰ গৱেষণা কৰি এটা তত্ত্ব আগবঢ়ালে।যাৰ নাম “দানিয়েল তত্ত্ব” হিচাপে বিশ্ববিখ্যাত।এখেতৰ বহু গ্রন্থ পৃথিৱীৰ বর্হিভাষালৈ অনুবাদো হৈছে।     পৃথিৱীত এনে কিছুমান নিদর্শন পোৱা গৈছে,যাকলৈ বৈজ্ঞানিক সকলে ঐতিহাসিক প্রমাণ বিচাৰি হাবাথুৰি খাইছে। নিদর্শনৰ স্বৰূপ দেখি বৈজ্ঞানিকসকলে অনুমান কৰিছে যে হয়তো বহু বছৰ আগতে পৃথিৱীখন বর্হিজগতৰ অতি উচ্চ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাত উন্নত কোনো বর্হিজগতৰ দর্শক আছিল আৰু তেওঁলোকৰ দর্শন কালত কিছুমান প্রমাণ পৃথিৱীৰ বুকুত এৰি থৈ গৈছে।

[ Erich Anton Paul von Däniken (born 14 April 1935 in Zofingen, Aargau) is a Swiss author best known for his controversial claims aboutextraterrestrial influences on early human culture, in books such as Chariots of the Gods?, published in 1968. Däniken is one of the main figures responsible for popularizing the “paleo-contact” and ancient astronaut hypotheses.]

         এই দানিকেনে বিচাৰি পাইছিল,অষ্টাদশ শতিকাৰো বহু বছৰ আগতে “এডম্যিৰল পীমিৰচ”এ আৱিষ্কাৰ কৰা এখন মানচিত্র, যিখন মানচিত্র কিমান বছৰ পুৰণি সঠিককৈ ক’ব নোৱাৰি।উক্ত মানচিত্রখনত বর্তমান কৃত্রিম উপগ্রহৰ পৰা তোলা পৃথিৱীৰ চিত্রৰ সৈতে হুবহু একে।অথচ অষ্টাদশ শতিকাৰ কিছু বছৰ আগলৈকে মহাকাশ বিজ্ঞানৰ  চিন্তাৰ কথা কাৰো মনলৈ অহাই নাছিল।আটাইতকৈ আচৰিত কথা হৈছে যে এই মানচত্রখন আকাশৰ পৰাই কোনোবাই পৃথিবীখন নেদেখাকৈ অকাঁটো একেবাৰে অসম্ভৱ কথা।এই ক্ষেত্রত বিশ্বনবী হজৰত মহম্মদে(দঃ)ই একমাত্র ব্যক্তি যি মে’ৰাজ ভ্রমণৰ সময়ত পৃথিবীখনলৈ চকু দিছিল। (বিঃদ্রঃ-উক্ত মোৰ নিবন্ধটো ১৯৯৬ চনৰ[২৬-৯ মে’] সাপ্তাহিক মুজাহিদত প্রকাশ হৈছিল।

see vdeo=http://www.youtube.com/watch?v=hzRBVdHL-VY

Note-1)log-on=http://www.ezsoftech.com/islamic/meraj.asp

সমাপ্ত

(Syed Jiaul Hussain-15th Razjab,28.06.2010,Ghy.)

TITLE:- বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ[edited-5.12.2011]

_________________________________________________________________________________

About syedjehu

Salamun Alikum, I am an engineer.I like world Islamic value.I like to write articles in Assamese and English.

Leave a comment