জীৱনে-মৰণে চিৰদিন অসমীয়াজন
Published on December 20, 2019 | News Source: অঞ্জু শাণ্ডিল্য
২০০০ চনৰ ২৩ মে’, মানুহজনৰ পত্নীৰ মৃত্যু ঘটিছিল৷ শৈশৱৰে পৰা জীৱনত নানা ঘাত-প্রতিঘাত, বিপদ-আপদত পৰিও কোনোদিনে ভাগি নপৰা মানুহজন পত্নীৰ মৃত্যুত শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল৷ সেই বছৰৰে ঈদৰ দিনা মানুহজনৰ বাৰে বাৰে পত্নীলৈ মনত পৰিছিল৷ যুগ্ম জীৱনত পাৰ কৰা ঈদৰ দিনবোৰৰ স্মৃতিয়ে বৰকৈ আমনি কৰিছিল৷ ঈদৰ নামাজৰ অন্তত ঘৰলৈ বুলি আগবাঢ়িল৷ লগত পুত্রসম চুকুৰ নামৰ ল’ৰাজন৷ ওচৰৰে কবৰস্থানৰ আগত ৰৈ মানুহজনে চুকুৰক ক’লে–
: সেই যে জাতি বাঁহকেইজোপা আছে, মৰাৰ পাছত মোকো তাতে শুৱাই থ’বি৷ তোক কথাষাৰ কাণচোৱাই, ঠাইকণো দেখুৱাই থ’লোঁ৷
: আববা, এইবোৰ আপুনি কিয় কৈছে৷
: নহয় অ’, সময় থাকোঁতেই তোক কথাষাৰ কৈ থ’লোঁ৷ নহ’লে, পিছত ক’বলৈ নেপাম৷
কাৰণ, সেই জাতি বাঁহকেইজোপাৰ তলত, মানুহজনৰ মৰমৰ পত্নী শুই আছে৷ আৰু সঁচাকৈয়ে ২০০০ চনৰ ১৯ ডিচেম্বৰৰ দিনা মানুহজন শুই পৰিল আৰু বুঢ়া মছজিদৰ কাষৰ কবৰস্থানৰ জাতি বাঁহকেইজোপাৰ তলত পত্নীৰ কাষতে মানুহজনকো শুৱাই দিয়া হ’ল৷ আজিও নাহৰণি গাঁৱৰ বুঢ়া মছজিদৰ কাষৰ সেই কবৰস্থানে মানুহজনৰ কথা সোঁৱৰাই থাকে৷ সেইজন যে নাহৰণিৰ চৈয়দ আব্দুল মালিক৷ যিজনৰ কথা ড০ নগেন শইকীয়াই কৈছে– ‘চৈয়দ আব্দুল মালিক, এই নামটো ব্যৱহাৰ নকৰাকৈ আধুনিক অসমীয়া সাহিত্যৰ আৰু আধুনিক অসমীয়া জাতিৰ ইতিহাস ৰচনা কৰিব নোৱাৰি৷ কি বিপুল সৃষ্টিশীল প্রক্রিয়াৰে এইগৰাকী অসমীয়াই অসমীয়া ভাষা-সাহিত্য তথা আমাৰ জাতীয় জীৱন সমৃদ্ধিশালী কৰি থৈ গৈছে সেই কথা ভাবিলে বিস্মিত হ’ব লাগে৷ আধুনিক কালৰ সৃষ্টিশীল প্রতিভাৰ সবাতোকৈ ওখ সাহিত্যিক ব্যক্তিত্বৰ অধিকাৰী চৈয়দ আব্দুল মালিক৷’
দেৰগাঁৱৰ নাহৰণিত জন্ম লাভ কৰা চৈয়দ আব্দুল মালিকে বিখ্যাত কৰি তুলিলে ৭২খনকৈ উপন্যাস, প্রায় দুহেজাৰ চুটিগল্প, ৫খন কবিতা সংকলন, ৫খন জীৱনীগ্রন্থ, দুখন হাস্য ব্যংগ গ্রন্থ, তিনিখন ভ্রমণ কাহিনী, ৯খন গৱেষণামূলক গ্রন্থ, তিনিখন আত্মজীৱনী, পাঁচখন শিশু গ্রন্থ, ২১খন নাটক, এখন গীতৰ সংকলন, কেইবাখনো অনুবাদ গ্রন্থৰ ৰচনাৰ লগতে কাকত-আলোচনীও সম্পাদনা কৰে৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই কুৰালগুৰি নাট্যমন্দিৰৰ এক অনুষ্ঠানত কৈছিল– ‘এয়া অসমীয়া সাহিত্যৰ মালিক চৈয়দ আব্দুল মালিক৷’
অতুলনীয়, আপুৰুগীয়া সাহিত্য সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা এইজন সঁচাই অসমীয়া সাহিত্যৰ মালিক৷ সংখ্যা আৰু গুণগতভাৱেও মালিকদেৱৰ সাহিত্যকর্ম বিশাল৷ ড০ অমল ৰাজখোৱাৰ মতে, স্বৰাজোত্তৰ কালত সর্বাধিক অসমীয়া উপন্যাসৰ লেখক হিচাপে প্রথমেই ল’ব লাগিব চৈয়দ আব্দুল মালিকৰ নাম৷ উপন্যাস-সম্রাট ৰজনীকান্ত বৰদলৈৰ পাছতে স্বৰূপার্থত মালিকেই অসমীয়া উপন্যাসৰ মুকুটবিহীন সম্রাট৷
উপন্যাসেই নহয়, অসমীয়া সাহিত্যৰ প্রায়বোৰ দিশতে সৃষ্টিৰ পৰশ বুলাইছিল৷ এনে সাহিত্যিক অসমত বিৰল৷ এক অভিলেখ সৃষ্টি কৰি মালিকদেৱে ৰচনা কৰিছিল অসমীয়া সাহিত্য-কীর্তি৷ আৰু আঁজুৰি আনিছিল অলেখ বঁটা-সন্মান-সম্বর্ধনা৷ ছোভিয়েট লেণ্ড নেহৰু বঁটা, সাহিত্য অকাদেমি বঁটা, পদ্মশ্রী সন্মান, পদ্মভূষণ সন্মান, আজান ফকীৰ বঁটা, অসম উপত্যকা সাহিত্য বঁটা, শ্রীমন্ত শংকৰদেৱ বঁটা, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ডি-লীট সন্মান, পূর্ব ভাৰতীয় সংস্কৃতি-সংহতি বঁটা, মুক্ত কণ্ঠ উপাধি, সাহিত্যাচার্য উপাধি (অসম সাহিত্য সভাৰ), অসম এক্সপ্রেছ বঁটা, সাহিত্য অকাদেমিৰ ফেল’শ্বিপ, শ্রীমন্ত শংকৰদেৱ সংঘৰ বিশেষ বঁটা আদি লাভ কৰা মালিকদেৱে ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি, ১৯৬৩ৰ পৰা ১৯৬৯ চনলৈকে সাহিত্য অকাদেমিৰ কাউন্সিলৰ সদস্য, অসম সাহিত্য সভাৰ প্রধান সম্পাদক, ১৯৫২ৰ পৰা ১৯৫৫ চনলৈ গণ নাট্য সংঘৰ অসম শাখাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল৷ তদুপৰি ভাৰত চৰকাৰৰ শিক্ষা, সংস্কৃতি আৰু সমাজ কল্যাণ বিভাগৰ সংসদী উপদেষ্টা ব’র্ড, নেশ্যনেল বুক ট্রাষ্ট, সর্বভাৰতীয় উর্দু ব’র্ড, সংগীত নাটক অকাদেমি, ভাৰত চৰকাৰৰ হিন্দী সঞ্চালকালয়, ললিত কলা অকাদেমি আদি বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত আছিল৷
সাহিত্যিকগৰাকীৰ গল্প আৰু উপন্যাসৰ আধাৰত কেইবাখনো ছবি নির্মিত হৈছে আৰু সেইবোৰৰ তিনিখনে ৰাষ্ট্রীয় বঁটা লাভ কৰিছে– পুলক গগৈয়ে ‘ৰে’লৰ আলিৰ দূবৰি বন’ গল্পৰ আধাৰত নির্মাণ কৰিছিল একে নামৰ ছবি আৰু সেইখনে ৰজত কমল বঁটা লাভ কৰে৷ ‘কাঠফুলা’ গল্পৰ কাহিনীৰে পুলক গগৈৰ পৰিচালনাত ‘মমতাজ’ ছবিয়ে ফিল্মফেয়াৰ এৱার্ড লাভ কৰে৷ ‘জেতুকা পাতৰ দৰে’ উপন্যাসখনৰ কাহিনীৰে যদুমণি দত্তই পৰিচালনা কৰা আৰু নুৰুল চুলতানে প্রযোজনা কৰা একে নামৰ ছবিখনেও ৰজত কমল বঁটা লাভ কৰে৷
গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিকৰূপে অধিক জনপ্রিয়তা লাভ কৰা এই সাহিত্যিকগৰাকী কবি ৰূপেও প্রখ্যাত আছিল৷ প্রাইমেৰী স্কুলত পঢ়ি থাকোঁতেই কবিতা লিখিবলৈ আৰম্ভ কৰা মালিকদেৱৰ প্রথম কবিতা প্রকাশ পায় যোৰহাট চৰকাৰী হাইস্কুলৰ আলোচনী ‘জেউতি’ত, ১৯৩৬ চনত৷ তেতিয়া মালিকদেৱ হাইস্কুলীয়া ছাত্র৷ আৰু তিনি বছৰৰ পাছত ১৯৩৯ চনত কুৰি বছৰীয়া মালিকদেৱে লিখি পেলালে, সেই বিখ্যাত কবিতা– ‘মই অসমীয়া’৷ কবিতাটো প্রকাশ হোৱাৰ পাছত সমগ্র অসমতে খলকনি লাগিল৷ ড০ নির্মলপ্রভা বৰদলৈয়ে ক’লে– ‘‘চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ এটি অনুপম কবিতা৷ সুদূৰ পশ্চিমৰ পৰা দেশ বিজয়ৰ গর্ব লৈ অসমত ভৰি দিয়া মোগলক অসমৰ শক্তি আৰু অসমৰ মোহনীয় ৰূপে এনেকৈ মন্ত্রমুগ্ধ কৰিলে যে ‘মই অসমৰে চিৰদিন অসমীয়া’ বুলি অসমৰ মাটি সাবটি ধন্য মানিলে৷’’
কবিতাটো যথেষ্ট দীঘল, কিন্তু প্রতিশাৰী কবিতাই পাঠকৰ অন্তৰ চুই যায়৷ পাছলৈ কবিতাটোৰ কিয়দংশ গীতৰূপেও জনপ্রিয় হৈ পৰে– ‘জীৱনে-মৰণে মই চিৰদিন অসমীয়াঅসমীয়া দেহ-প্রাণ-মনজীয়াই থাকোঁতে মই অসমৰে অসমীয়ামৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ…অসমৰ হকে যুঁজি অসমৰ হকে মৰোঁজ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপসেই দিন ধৰি মই অসমৰ অসমীয়াধর্ম মোৰ, জাতি মোৰ অসমীয়া প্রাণৰ আপোন–৷’
কুৰি বছৰ বয়সতে জীৱনে-মৰণে মই চিৰদিন অসমীয়া বুলি ক’ব পৰা মানুহজনো প্রকৃতার্থতে এজন অসমীয়া৷ অসম, অসমীয়া আৰু মাতৃভাষা অসমীয়াৰ প্রতি আছিল গভীৰ ভালপোৱা৷ অন্যান্য মৌলিক উপন্যাসৰ লগতে লিখিছিল গুৰু দুজনাৰ জীৱন-ভিত্তিক দুখন উপন্যাস– ‘ধন্য নৰ তনু ভাল’ আৰু ‘প্রেম অমৃতৰ নদী’৷ ধুতি পিন্ধি মাজুলী, বৰপেটা আৰু অসমৰ সত্র-নামঘৰে ঘূৰি-পকি উপন্যাস দুখনৰ বাবে তথ্য সমল বুটলিছিল৷
শ্রীমন্ত শংকৰদেৱৰ জীৱন-ভিত্তিক উপন্যাসখনৰ (ধন্য নৰ তনু ভালৰ) শেষৰ অধ্যায়টো লিখি শেষ কৰাৰ দিনা মানুহজনক শোকে খুন্দা মাৰি ধৰিছিল৷ মনৰ দুখ পাতলাবলৈ বাটে বাটে ওলাই গৈছিল৷ কিমান দূৰ বাট গ’ল, নিজেই গম পোৱা নাছিল৷ প্রফুল্ল বৰাৰ মাততহে ৰ’ল৷
: ছাৰ, কোনোবাফালে যায়?
: নাই, এনেয়ে অলপ ওলাই আহিছোঁ৷ মনটো বৰ বেয়া লাগি আছে, বুইছানে৷ আজি ছমাহে গুৰুজনাৰ লগত আছিলোঁ যে, আজি একেবাৰে বিদায় দি আহিলোঁ৷ মানে লিখি শেষ কৰিলোঁ৷ বৰ বেয়া লাগি আছে৷
প্রফুল্ল বৰাৰ অবাক লাগিল৷ এইজনতকৈ বাৰু আন কোনোবা গুৰুজনাৰ ডাঙৰ ভক্ত আছেনে? প্রথমবাৰৰ বাবে গুৰুজনাৰ জীৱন-ভিত্তিক এখন উপন্যাস লিখি উলিয়ালে, এজন ইছলামধর্মী লোকে৷ প্রকাশকেও প্রথম অৱস্থাত উপন্যাস প্রকাশ কৰিবলৈ ভয় কৰিছিল, ইছলামধর্মী লোকে উপন্যাসখনত কিজানি নোসোমাবলগীয়া কথা সোমাই সেয়ে পাণ্ডুলিপিৰ বহু পৃষ্ঠা সাহিত্যিক প্রফুল্ল চন্দ্র বৰাৰ হতুৱাই চোৱাই লৈছিল৷ কিন্তু ভয় খাবলগীয়া একো নাছিল৷ ইছলামধর্মী হ’লেও যে মানুহজন মনে-প্রাণে অসমীয়া৷ সেই কথা ‘মই অসমীয়া’ কবিতাতে যুৱ অৱস্থাতে কৈছিল– ‘সেই দিন ধৰি মই অসমৰ অসমীয়াধর্ম মোৰ, জাতি মোৰ, অসমীয়া প্রাণৰ আপোন৷’
উপন্যাস পঢ়ি গ’লে ভাবেই নহয়, এজন ইছলামধর্মী লোকে লিখিছে– ‘নামঘৰ চাকিৰ পোহৰত আলোকময় হৈ উঠিল৷ সকলোৱে সেৱা ল’লে গুৰু আসনৰ সমুখত, জ্বলন্ত চাকিত৷… তাত আহি সমৱেত হ’লহি সমাজৰ সকলো স্তৰৰ, সকলো শ্রেণীৰ, সকলো বর্ণ-ধর্মৰ মানুহ৷ উচচ নাই, নীচ নাই, স্পৃশ্য নাই, অস্পৃশ্য নাই, পণ্ডিত নাই, নিৰক্ষৰ-হোজা নাই, তাত গোট খাব ধৰিলে ভকতসকল– য’ত মানুহৰ পৰিচয়েই পৰিচয়, ভকত পৰিচয়েই পৰিচয়– সর্বশ্রেষ্ঠ পৰিচয়৷’ (পৃঃ ১৮৮)
যোগেশ দাসে কৈছে– ‘এজন ইছলামধর্মী লেখকে যে বৈষ্ণৱ গুৰুজনাৰ জীৱন-ভিত্তিক উপন্যাস প্রথমে লিখি উলিয়ালে এইটো বিশেষভাৱে উল্লেখযোগ্য৷ তদুপৰি তেওঁ ইয়াতে শ্রীশংকৰদেৱক অসমীয়া জাতিৰ পিতৃ ৰূপে প্রতিষ্ঠা কৰিবলৈ যোৱাটোও গুৰুত্বপূর্ণ কথা৷’
মালিকদেৱে নিজেও লিখিছে– ‘এই লিখনিৰ মাত-কথাবোৰেই লুইতপৰীয়া মানুহখিনিক একেডাল এনাজৰীৰে বান্ধি একেটা জাতি কৰি গঢ়ি তুলিব, একেটা জাতি কৰি জীয়াই ৰাখিব৷’
আৰু ‘প্রেম অমৃতৰ নদী’ত লিখিছে– ‘গাৰোৰ গোবিন্দ, মিৰিৰ পৰমানন্দ, আহোমৰ নৰহৰি, নগাৰ নৰোত্তম, মুছলমানৰ চান্দসাই, জয়ন্তীয়াৰ মাধৱ, ভুটীয়াৰ জয়ৰাম আতৈ, ভক্ত আতৈসকলক এক হৰিনাম সাধন কৰি একেখন উদাৰ মজিয়াত একে ঠাই কৰিব পৰাটোও কম মহত্ত্বৰ কথা নাছিল৷ শংকৰদেৱ আৰু মাধৱদেৱৰ উদাৰতাৰ ফলস্বৰূপেই তেতিয়াৰ অসমৰ অধিবাসী নানা জাতি-বর্ণ-ধর্মৰ মানুহ ঐক্যবদ্ধ হৈ এখন নতুন সমাজ গঢ়ি তুলিছিল৷ এটা নতুন জাতি গঢ়ি তুলিছিল, এটা নতুন ভাষা, সংস্কৃতি, নতুন জীৱনাদর্শৰ ভেটি প্রতিষ্ঠা কৰিছিল৷’ (পৃঃ ৭৯)
তেনেহ’লে আজি অসমত অসমীয়াই জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে হিন্দু বাংলাদেশীক কিয় ৰঙা দলিচা পাৰি দিব লাগে? গুৰু দুজনাৰ আদর্শৰে জানো বর্তমান ৰাজ্যৰ মন্ত্রী-বিধায়ক আগবাঢ়িব নোৱাৰে? এই লেখা প্রস্তুত কৰালৈকে আজিৰ অগ্নিগর্ভ অসমত বিজেপি চৰকাৰে জাপি দিয়া ‘কা’ৰ বিৰোধিতা কৰি কেইবাজনেও প্রাণ আহুতি দিলে৷ অসংখ্যজন আঘাতপ্রাপ্ত৷ এখন নতুন অসম গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰে অসমীয়া জনসাধাৰণক পৰিৱর্তনৰ কথা কৈছিল৷ জাতি-মাটি-ভেটি ৰক্ষাৰ আশ্বাস দিছিল৷ আৰু পৰিৱর্তনৰ নামত অসমীয়াৰ তেজেৰে ৰাজপথ ৰাঙলী হ’ল৷ জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে মাত মাতি নিৰীহ লোকে আঘাতপ্রাপ্ত হৈ যন্ত্রণাত কেঁকাইছে৷ সোণোৱাল ডাঙৰীয়া, সময়ে সময়ে গুৰু দুজনাৰ আদর্শ লোৱাৰ কথা মুখেৰে কোৱাতকৈ কামেৰে কৰি দেখুৱাই দিয়ক৷ বিগত বর্ষত চৈয়দ আব্দুল মালিকৰ জন্ম শতবর্ষ পাৰ হৈ গ’ল৷ পৰিৱর্তনকামী চৰকাৰখনে সেই উদ্দেশ্যে একো পদক্ষেপ গ্রহণ নকৰিলে৷ কিন্তু ইছলামধর্মী হ’লেও মালিকদেৱে গুৰু দুজনাৰ আদর্শ অসমীয়া সমাজত ব্যাপক ৰূপত প্রকাশি গ’ল আৰু এতিয়াও সময় আছে হিন্দুত্ববাদৰ পোষকতা কৰাতকৈ, জাতি-বর্ণ-ধর্ম নির্বিশেষে অসমীয়া জাতিৰ, অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ কথা ভাবক৷ হিন্দু বাংলাদেশী অসমত সংস্থাপন কৰি অসমৰ, অসমীয়াৰ পৰিৱর্তন আনিব নালাগে৷
ফ’ন: ৯৮৬৪৩৮১৮৫৯