মালিক ছাৰৰ অনুভূতিৰে অনুভৱ-reedited

Posted on

IMG_20200422_210010

Screenshot_2020-04-22-20-11-04-878_com.brave.browser_beta

মালিক ছাৰৰ অনুভূতিৰে অনুভৱ
ঘন দুৱৰাৰ লাইফৰ এক্সপেৰিমেণ্ট

ঘৰ গুৱাহাটীত ,কর্মস্থলী চিমেনচাপৰিত। চিমেনচাপৰি!অৰুণাচল পাহাৰৰ পাদদেশৰ এডোখৰ সৰু ঠাই।সেউজীয়া অৰুণাচল পাহাৰৰ বুকুৱেদি ওলাই আহিছে চিমেন নৈ। চিমেন নৈৰ ওপৰত পূবা-পশ্চিমাকৈ পাৰি দিয়া হৈছে গাড়ী-ঘোঁৰা,পদযাত্রীৰ বাবে এখন লোহাৰ দলং।একেখন দলঙৰ ওপৰতে ৰেল-লাইনো আছে।পিছলৈ ইয়াৰ ওপৰেদি অহা-যোৱা বন্ধ হ’ল।খৰালি পানী শুকাই নৈখন খিণাই যায়। দলঙৰ দক্ষিণ দিশত বালিৰ ওপৰত সিঁচৰিত হৈ আছে বিভিন্ন গঢ়ৰ শিলবোৰ। দলঙৰ তলেদি জিৰ-জৰকৈ ব্রহ্মপুত্রৰ দিশেৰে বৈ আছে চিমেন। দলঙৰ পৰা দুশ মিটাৰমান দূৰত সুঁতিটো বৰ ঠেক হৈ পৰিছে।তাতে দিয়া হৈছে এখন ব্রেইলী দংল।অইল ইণ্ডিয়াই দিয়া।ইয়াৰ ওপৰেদিয়েই সকলো যান-বাহন,মানুহ-দুনুহ অহা-যোৱা কৰে।এতিয়া এইখনেই চিমেনৰ ওপৰত একমাত্র ৰাষ্ট্রীয় ঘাইপথৰ সংযোগী সূতা।
মানুহ জনৰ(ঘন দুৱৰাৰ) ভাৱ হয় তেওঁ যেন মূলসুঁতিৰ পৰা বিচ্ছিন্ন এখন ঠাইৰ বাসিন্দা।
এটা ফোন কৰিব লাগে(তেতিয়া ম’বাইল ফোনৰ ব্যৱস্থা উঃপূঃত হোৱাই নাই ) ফোন!আহ!ইয়াত ফোন বিচৰা মানে পাহাৰত কাছ কণী বিচৰা। চিমেনচাপৰিৰ পৰা গুৱাহাটীৰ লগত ফোনেৰে যোগাযোগৰ কোনো ব্যৱস্থা নাই।নাই এটা পি,চি,অ’।প্রায় ৩০ কিলোমিটাৰ দূৰ চিলাপথাৰলৈ ঢপলিয়াব লাগে।তাকে কৰা হ’ল।
ব্রেইলী দংল পাৰহৈ ৰাষ্ট্রীয় পথৰ খলা-বমাবোৰত ঘটং ঘটং কৰি চিলাপথাৰলৈ গাড়ী আগবাঢ়িল।চিলাপথাৰত কাম নহ’ল। পি,চি,অ’বেয়া। পাচঁ কিলোমিটাৰ আগুৱাই গৈ অৰুণাচলৰ সীমাৰ ভিতৰত থকা লিকাবালিৰ পি,চি,অ’ত ফোন কৰা হ’ল। তেওঁলোক পুনৰ চিলাপথাৰলৈ ঘূৰি আহিল।
চিলাপথাৰলৈ ফোন কিৰবলৈ আহোতেই মানুহ জনে ভাবি আহিছিল, চিলাপথাৰত আজৰি সময় কটাবলৈ দুখনমান কিতাপ কিনাৰ। তাৰেই সন্ধানত তেখেত ওলাল।
দোকানৰ পৰা দুখন কিতাপ কিনা হ’ল।তাৰে এখন ডঃমৃণাল চৌধুৰীয়ে সংকলন কৰা “মহাজীৱনৰ মহানায়ক চৈয়দ আব্দুল মালিক”।
.
গধূলি এনেয়ে খোজকাঢ়ি মানুহজন গাৱৰ ফালে আগবাঢ়িল ।
বাৰীৰ বাঁহ গছবোৰৰ কাষেদি বাটৰ দুয়োফালে দীঘল দীঘল পদূলিৰ ঘৰবোৰ। মাজে মাজে এটা-দুটা ৰং উঠি যোৱা পকীঘৰ।
মুকলি পথাৰখন পাৰহৈ বনৰীয়া গছেৰে ভৰা এডোখ ঠাই।বাটটো এঢলীয়াহৈ তললৈ নামি গৈছে।
.
ভাত-পানী খোৱাৰ পিছত মানুহজনে শোৱাৰ আগে আগে ডঃমৃণাল চৌধুৰীয়ে সংকলন কৰা কিতাপ খন পঢ়ি শেষ কৰিলে।
মহানায়ক চৈয়দ আব্দুল মালিক। মালিক কাইটি , মালিক ছাৰ!এৰা!অসমৰ সাহিত্য আকাশৰ এটি ধ্রুৱতৰা।হেৰাই গ’ল অসমৰ আকাশৰ পৰা।
.
২০০০ চনৰ ১৯ ডিচেম্বৰৰ দিনা মানুহজন শুই পৰিল আৰু বুঢ়া মছজিদৰ কাষৰ কবৰস্থানৰ জাতি বাঁহকেইজোপাৰ তলত পত্নীৰ কাষতে মানুহজনকো শুৱাই দিয়া হ’ল৷ আজিও নাহৰণি গাঁৱৰ বুঢ়া মছজিদৰ কাষৰ সেই কবৰস্থানে মানুহজনৰ কথা সোঁৱৰাই থাকে৷ সেইজন যে নাহৰণিৰ চৈয়দ আব্দুল মালিক৷ যিজনৰ কথা ড০ নগেন শইকীয়াই কৈছে– ‘চৈয়দ আব্দুল মালিক, এই নামটো ব্যৱহাৰ নকৰাকৈ আধুনিক অসমীয়া সাহিত্যৰ আৰু আধুনিক অসমীয়া জাতিৰ ইতিহাস ৰচনা কৰিব নোৱাৰি৷
.
২০০০ চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে আকৌ এবাৰ সকলোৰে মনবোৰ গধুৰ হৈ পৰে।৬৭ খন উপন্যাস,প্রায় ২০০০ৰৰ ওপৰ চুটি গল্প,তেনেদৰে নাটক……….।
মানুহজনে ভাবিলে -“আমাৰ কাৰণে অকল্পনীয়।এতিয়া যে গধূলি ওলাই গ’লো গাৱৰ মাজেদি , ধিমিকধামাককৈ জ্বলি থকা চাকিৰ বিচ্ছুৰিত পোহৰে অন্ধকাৰ কম্বল এখনেৰে ঘোপ মাৰি থকা ঘৰবোৰ , অস্তিত্বহীন যেন তাৰ ভিতৰৰ মানুহবোৰ,চিঞৰি চিঞৰি পাঠপঢ়া স্কুলৰ ল’ৰা-ছোৱালীৰ ছন্দোময় মাতবোৰ ,এন্ধাৰ চোতালত বহি বহি কথাৰ মহলা মৰা মানুহবোৰ- এইবোৰেইটো মালিক ছাৰৰ চৰিত্র,কাহিনী।
তেওঁ আকৌ ভাবিলে -“কিতাপখন জপাই ভাবিলো।মোৰ সিৰাইদি যেন বৈ গ’ল মালিক ছাৰৰ তেজ।
ভাবিলো মালিক ছাৰে চিৰপ্রৱাহিত নদীৰ দৰে কলমৰ চিঞাঁহি বোৱাই যদি লিখিব পাৰে, ময়ো পাৰো নেকি এক্সপেৰিমেণ্ট এটা কৰা যাওক।
…..নাই , নোৱাৰি।এয়া যেন তেখেতৰ দৰে সাহিত্যিকৰ জন্মগত প্রতিভা। মালিক ছাৰেলৈ আকৌ এবাৰ শ্রদ্ধাত মূৰটো দোঁ খাই গ’ল।
ওপৰৰ কথাবোৰ আচলতে চিমেনচাপিৰৰ মাজত ঘৰৰ পৰা দূৰত থাকি নিঃসংগতা অনুভৱৰ সময়ত ,”মালিক ছাৰে কেনেকৈনো লিখে বুলি”কি কৰো,কেনেকৈনো কৰো-কৈ সৰু টেষ্টটিউৱ এটাত সম্পন্ন কৰা এক্সপেৰিমেণ্ট এটাৰ অংশমাত্র।
এক্সপেৰিমেণ্টৰ ফলাফল শূন্য।” [সমাপ্ত]

(মন্তব্য=বহু বছৰ আগৰ ‘আমাৰ অসম’ৰ দেওবৰীয়া’পূর্বাচল’ত ঘন দুৱৰা দেৱৰ”চিমেনচাপৰিত লাইফৰ এক্সপেৰিমেণ্ট” নামৰ এটা সৰু নিৱন্ধৰ আঁত ধৰি উক্ত নিৱন্ধটোৰ জীৱন্ত ৰূপ দিয়া হৈছে।

SYED JIAUL HUSSAIN,DATED GUWAHATI,THE 1ST. JULY/2010)
.
Reedited and compiled with a link:-https://janambhumi.in
.
🌼ধন্য নৰ তনু ভাল🌼
আধুনিক অসমীয়া সৃষ্টিশীল সাহিত্যত শংকৰদেৱ-চৰ্চা :
.
আধুনিক অসমীয়া সৃষ্টিশীল সাহিত্যত শংকৰদেৱ-চৰ্চাক এক নতুন গতি দান কৰাত শংকৰদেৱৰ জীৱন-আধাৰিত উপন্যাসসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ তদুপৰি, কাব্য সাহিত্য আৰু গীতি সাহিত্যৰ মাজতো শংকৰদেৱৰ প্ৰসংগ চৰ্চিত হোৱাটো মন কৰিবলগীয়া৷
অসমীয়া সাহিত্যত শংকৰদেৱ-চৰ্চাত গতি প্ৰদান কৰা শংকৰদেৱৰ জীৱনভিত্তিক উপন্যাসকেইখন হ’ল –
১. ধন্য নৰ তনু ভাল – চৈয়দ আব্দুল মালিক
২. যাকেৰি নাহিকে উপাম – লক্ষ্মীনন্দন বৰা
৩. সৰ্বগুণাকৰ – নিৰূপমা মহন্ত৷
.
চৈয়দ আব্দুল মালিকৰদ্বাৰা ৰচিত ধন্য নৰ তনু ভালউপন্যাসত ঔপনাসিকে আধুনিক যুগৰ পটভূমিত শংকৰদেৱৰ প্ৰাসংগিকতা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে৷ চৰিত পুথিৰ অলৌকিকতা বৰ্জন কৰি অলৌকিক গুণসম্পন্ন দেৱতাৰ পৰিৱৰ্তে শংকৰদেৱক এগৰাকী পূৰ্ণমানৱৰূপে প্ৰতিষ্ঠা কৰাটো এক উল্লেখনীয় পদক্ষেপ৷ সৰ্বমুঠ চাৰিটা খণ্ডত বিভক্ত উপন্যাসখনত শংকৰদেৱৰ জীৱনৰ আদিছোৱাৰপৰা জীৱনৰ শেষছোৱালৈকে গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰ ঔপন্যাসিকে সাৰ্থকভাৱে ব্যৱহাৰ কৰিছে৷ ধন্য নৰ তনু ভালত প্ৰতিফলিত শংকৰদেৱৰ কৰ্মমুখী সাংস্কৃতিক জীৱন-পদ্ধতি, জাত-পাতৰ বিভেদহীনতা আদিৰ প্ৰাসংগিকতা বৰ্তমান সময়ত নিশ্চিতভাৱে আছে৷ শংকৰদেৱৰ মহত্ত্ব, প্ৰতিভা আৰু জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতাৰ সমাহাৰত এগৰাকী সম্পূৰ্ণ মানৱ চৰিত্ৰ হিচাপে ধন্য নৰ তনু ভালত শংকৰদেৱক অংকিত কৰা হৈছে৷ শংকৰদেৱৰ চৰিত্ৰ আৰু কাৰ্যাৱলীত প্ৰতিফলিত এই গুণাৱলী বা দিশবোৰৰ প্ৰাসংগিকতা থকাৰ বাবেই উপন্যাসখনত তেখেতক বৰ্তমান সময়ৰ প্ৰাসংগিক ৰূপত চিত্ৰিত কৰা সম্ভৱ হৈ উঠিছে৷

🌼syedraf🌺২২.০৪.২০২০✍️
,,,,,,,,,,,,,,,,,,,

About syedjehu

Salamun Alikum, I am an engineer.I like world Islamic value.I like to write articles in Assamese and English.

Leave a comment